কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত ২০৪৭ চনৰ ভিতৰত বিশ্বৰ ১০খন শীর্ষ সামুদ্রিক ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত হ’ব বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে দেশৰ বন্দৰসমূহত সামগ্ৰী সৰবৰাহৰ পৰিমাণ ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে আৰু জাহাজৰ নিৰ্মাণৰ লগতে পুনৰ নিৰ্মাণৰ সামৰ্থ বৃদ্ধি পাইছে। চেন্নাইৰ কামাৰাজা বন্দৰৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ অনুষ্ঠানত তেওঁ এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কালিৰ অনুষ্ঠানত ৫৪৫ কোটি টকা ব্যয় সাপেক্ষ সংহত জাহাজ নিয়ন্ত্রণ কেন্দ্ৰৰ লগতে আন ভালেমান প্রকল্প মুকলি কৰে। তেওঁ কয়, যে ভৱিষ্যতৰ সম্প্ৰসাৰণৰ সম্ভাৱনাৰে পৰ্যাপ্ত পৰিমাণত কয়লাৰ সৰবৰাহৰ সুবিধা ৰাখি এই বন্দৰটো বিকশাই তোলা হৈছে। শ্ৰী সোণোৱালে কয়, যে বছৰি নিৰ্মাণ কৰা আই অ’ চি এলৰ তিনি মিলিয়নটন জেটিৰ সামৰ্থ ভৱিষ্যতে আৰু বৃদ্ধি কৰিব পৰা যাব । তেওঁ কয়, যে বন্দৰ মন্ত্ৰ্যালয়ৰ বিভিন্ন আন্তঃগাঁথনি উন্নয়নৰ প্ৰকল্পসমূহ সময়মতে নিৰ্মাণ কৰাৰ ফলত বিভিন্ন ধবজাবাহী আঁচনিৰ ৰূপায়ণৰ কাম খৰতকীয়া হৈছে।
Assamese | December 8, 2024 11:49 AM | Sarbanada sonowal
ভাৰত ২০৪৭ চনৰ ভিতৰত বিশ্বৰ ১০খন শীর্ষ সামুদ্রিক ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ