কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা উদ্বোধন কৰে। এই বাণিজ্য মেলাৰ সুযোগতে কেন্দ্ৰীয় কয়লা আৰু খনি বিভাগৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে খনি মন্ত্ৰালয়ৰ এটা পেভিলিয়ন মুকলি কৰে। আকাশবাণীৰ বাতৰিৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত ভাৰত বাণিজ্য প্ৰসাৰ সংস্থাৰ উপদেষ্টা শংকৰা নন্দ ভাৰতীয়ে কয়, যে এইবাৰৰ মেলাৰ বিষয়বস্তু হৈছে – ‘২০৪৭ চনত বিকশিত ভাৰত’। তেওঁ লগতে এইবাৰৰ মেলাত ঝাৰখণ্ডক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে। এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত এইবাৰ বিহাৰ আৰু উত্তৰ প্ৰদেশে অংশীদাৰী ৰাজ্য হিচাপে ভাগ লৈছে।
আমাৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি ১৪ দিনীয়াকৈ আয়োজন কৰা এই বাণিজ্য মেলাত চীন, ইজিপ্ত, ইৰাণ, দক্ষিণ কোৰিয়া, থাইলেণ্ড, তুৰস্ক, সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰকে ধৰি ভালেমান দেশে অংশগ্ৰহণ কৰিছে। আজিৰেপৰা ১৮ তাৰিখলৈ ব্যৱসায় বাণিজ্যৰ বাবে এই মেলা খোলা থাকিব। জনসাধাৰণে ১৯ৰ পৰা ২৭ নৱেম্বৰলৈ বাণিজ্য মেলালৈ যাব পাৰিব।
Assamese | November 14, 2024 2:50 PM | India | India International Trade Fair | Piyush Goyal | Trade Fair
ভাৰত মণ্ডপমত ৪৩ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা উদ্বোধন মন্ত্রী পীয়ুষ গোৱেলৰ