উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি কয় যে ভাৰত ব্রিটেইন সর্বাত্মক অর্থনৈতিক আৰু বাণিজ্য চুক্তি, CETA ৰ লগতে সামাজিক নিৰাপত্তাৰ চুক্তি ৰূপায়িত হোৱাৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ দীর্ঘস্থায়ী মিত্রতাৰ যাত্ৰাত উল্লেখযোগ্য অগ্রগতি প্রতিফলিত হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে এই সন্দর্ভত শুভেচ্ছা জ্ঞাপন কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই চুক্তিসমূহে বজাৰৰ উপলভ্যতা সম্প্ৰসাৰিত কৰি বাণিজ্য আৰু সেৱাসমূহ ত্বৰান্বিত কৰাৰ উপৰি বিভিন্ন বৃত্তিধাৰীসকলৰ বাবে সর্বাত্মক বিকাশৰ সুবিধা প্রদান কৰিব। তেওঁ লগতে কয় যে এই চুক্তিৰ জৰিয়তে দেশৰ বিভিন্ন ব্যৱসায়, উদ্যোগী, কৃষক, নির্মাতা, এম এছ এম ই সমূহ আৰু দক্ষ কর্মশক্তিৰ বাবে নতুন সুযোগ মুকলি কৰিব। তেওঁ লগতে এই চুক্তিয়ে বস্ত্র, চর্ম, ৰত্ন আৰু অলংকাৰ, অভিযান্ত্রিক সামগ্রী, সামুদ্রিক উৎপাদন, ৰাসায়নিক সামগ্ৰী আৰু সংসাধিত দ্ৰব্যৰ দৰে খণ্ডসমূহৰ বাবে অপাৰ সম্ভাৱনা মুকলি কৰিব।
উপ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ভাৰত ব্রিটেইন মিত্ৰতাৰ এই নতুন অধ্যায়ৰ জৰিয়তে উমৈহতীয়া সমৃদ্ধি, উদ্ভাৱন আৰু স্থায়ী অর্থনৈতিক প্রগতি তৃৰান্বিত হোৱাৰ সমান্তৰালকৈ দুয়োখন দেশৰ মিত্ৰতাৰ এনাজৰীও গভীৰ হ’ব।