July 15, 2026 8:47 PM
4
ভাৰত-ব্রিটেইন বাণিজ্য চুক্তি সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ মন্তব্য
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি কয় যে ভাৰত ব্রিটেইন সর্বাত্মক অর্থনৈতিক আৰু বাণিজ্য চুক্তি, CETA ৰ লগতে সামাজিক নিৰাপত্তাৰ চুক্তি ৰূপায়িত হোৱাৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ দীর্ঘস্থায়ী মিত্রতাৰ যাত্ৰাত উল্লেখযোগ্য অগ্রগতি প্রতিফলিত হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে এই সন্দর্ভত শুভেচ্ছা জ্ঞাপন কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই চুক্তিসমূহে বজাৰৰ উপলভ্যতা সম্প্ৰসাৰিত কৰি বাণিজ্য আৰু সেৱাসমূহ ত্বৰান্বিত কৰাৰ উপৰি বিভিন্ন বৃত্তিধাৰীসকলৰ বাবে সর্বাত্মক বিকাশৰ সুবিধা প্রদান কৰিব। তেওঁ লগতে কয় যে এই চুক্তিৰ জ...