ভাৰত আৰু ব্রিটেইনৰ মাজৰ সৰ্বাত্মক অর্থনৈতিক আৰু বাণিজ্যিক চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে। এই ঐতিহাসিক চুক্তিৰ ফলত ভাৰতৰ পৰা ৰপ্তানি কৰা ৯৯ শতাংশ সামগ্ৰীৰ ওপৰত ব্রিটেইনৰ বজাৰত কোনো ধৰণৰ শুল্ক প্ৰযোজ্য নহ’ব। চুক্তিখনৰ পৰা দুয়োখন দেশ লাভান্বিত হ’ব। এই বাণিজ্য চুক্তিৰ অধীনত দুগ্ধজাত সামগ্রী, গোটাদানাজাত শস্য, খোৱা তেল, আপেলসহ ভালেমান সামগ্রীক কৰৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে।
দুয়োখন ৰাষ্ট্ৰৰ মাজত এই নতুন অর্থনৈতিক যুগৰ সূচনাৰ সৈতে সংগতি ৰাখি আজি ভাৰতত ব্রিটেইনৰ উপ আয়ুক্ত ষ্টিক হাইক্লিং আৰু বিদেশ বাণিজ্য সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক ড০ ৰাহুল সিঙে আজি গুজৰাটৰ আহমেদাবাদৰ সানন্দৰ পৰা পতাকা জোকাৰি চুক্তিখনৰ অধীনত প্ৰেৰণ কৰা প্ৰথমটো ৰপ্তানি খেপ ৰাওনা কৰে। এই খেপত ৩ কোটি ৭ লাখ কোটি টকাৰ সামগ্ৰী প্ৰেৰণ কৰা হৈছে।