July 15, 2026 2:16 PM | India-UK MoU

printer

ভাৰত-ব্রিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ ফলত নতুন ক্ষেত্ৰৰ সূচনা হ’ব : মন্ত্রী পীয়ুষ গোৱেল

ভাৰত আৰু ব্রিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তি আজিৰেপৰা কাৰ্যকৰী হোৱাৰ ফলত বাণিজ্য, বিনিয়োগ আৰু উদ্ভাৱন ক্ষেত্ৰত নতুন ক্ষেত্ৰৰ সূচনা হ’ব বুলি উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীযূষ গোৱেলে প্ৰকাশ কৰিছে। এখন ইংৰাজী দৈনিক কাকতত প্রকাশিত এটা নিৱন্ধত শ্রী গোৱেলে কয়, যে মুক্ত বাণিজ্য চুক্তিয়ে ব্যৱসায়িক ক্ষেত্ৰত নতুন সুযোগ-সুবিধাৰ সৃষ্টি কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০৪৭ চনত বিকশিত ভাৰতৰ দৃষ্টিভংগীকো বাস্তৱায়িত কৰিব। এই অভিলাষী চুক্তিয়ে সমাজৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ সৱলীকৰণ কৰাৰ লগতে ভাৰতৰ জনসাধাৰণৰ সামৰ্থ্য আৰু অভিলাষক প্রতিফলিত কৰিব বুলি তেওঁ কয়। ভাৰত ব্রিটেইন মুক্ত বাণিজ্য চুক্তিয়ে মহিলা, কৃষক, যুৱ প্রজন্ম, ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ, উদ্ভাৱক, পেছাদাৰী আৰু মীনপালকসকলক উপকৃত কৰিব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি ভাৰতীয় ৰপ্তানিকাৰীসকলৰ লগতে প্রশাসনীয়, ব্যৱস্থাপনাকে ধৰি কাৰ্যালয় পৰিচালনাত জড়িত সকল বিশেষভাৱে উপকৃত হ’ব বুলি তেওঁ কয়। এই চুক্তিৰ ফলত ব্রিটেইনলৈ ভাৰতৰ ৰপ্তানি শুল্ক ৰেহাই হ’ব আৰু ক্ষুদ্র ব্যৱসায়ী তথা কৃষকসকলে বিশেষভাৱে সুবিধা লাভ কৰিব।

এই চুক্তিয়ে বিভিন্ন ক্ষেত্ৰত নিয়োগ আৰু ব্যৱসায়ীৰ সুবিধাৰ সৃষ্টি কৰিব বুলি তেওঁ উল্লেখ কৰে। ৭৫ হাজাৰৰো অধিক ভাৰতীয় পেছাদাৰী লোক আৰু ৯ শতাধিক কোম্পানী ইয়াৰ পৰা লাভান্বিত হ’ব বুলি তেওঁ আশা প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।