ৰায়পুৰৰ ছহিদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত আজি সন্ধিয়া ৭ বজাত ভাৰতীয় মহিলা ক্রিকেট দলটো জিম্বাবুৱেৰ মহিলা ক্রিকেট দলৰে তিনিখনীয়া টী-২০ শৃংখলাৰ প্ৰথমখন খেলত মুখামুখি হ’ব। ভাৰতীয় মহিলা ক্রিকেট দলটো শেহতীয়া ক্রমাগত পাঁচখন খেলত জয়ী হোৱাৰ বিপৰীতে আলহী দলটোৱে ক্ৰমাগত পাঁচখন খেলত পৰাজয় বৰণ কৰিছে। শৃংখলাৰ পৰৱৰ্তী খেল দুখন ১৮ আৰু ২০ অক্টোবৰত একে স্থানতে অনুষ্ঠিত হ’ব। এই শৃংখলাটোত ছহিদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়াম সকলো মহিলা দৰ্শকৰ বাবে বিনামূলীয়া হ’ব। ছট্টিশগড়ৰ মুখ্যমন্ত্রী বিষ্ণু দেও ছাইৰ পৰামৰ্শ অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে। ভাৰত-জিম্বাবুৱেৰ মহিলা টী-২০ ক্রিকেট শৃংখলাটোৰ পাছত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলা অনুষ্ঠিত হ’ব।
Assamese | October 16, 2026 11:49 AM | Cricket
ভাৰত-জিম্বাবৱে মহিলা টী-২০ শৃংখলাৰ আজি ৰায়পুৰত প্ৰথমখন খেল