September 11, 2026 10:34 AM | IMF India

printer

ভাৰত গোলকীয় বিকাশৰ অন্যতম চালিকাশক্তি : আই এম এফ

চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্রিমাসিকত ভাৰতীয় অর্থব্যৱস্থাৰ বিকাশ হাৰ ৭.৮ শতাংশ হোৱাৰ পাছত আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি-আই এম এফে ভাৰতক গোলকীয় বিকাশৰ অন্যতম চালিকাশক্তি বুলি অভিহিত কৰিছে। আই এম এফৰ যোগাযোগ বিভাগৰ সঞ্চালক জুলি ক’জেকে ইন্ধনৰ মূল্য আকস্মিক বৃদ্ধি সত্বেও সেবা আৰু ৰপ্তানি খণ্ডৰ প্ৰদৰ্শনৰ বলত ভাৰতৰ বিকাশ হাৰ আশা কৰাতকৈ অধিক হোৱা বুলি প্রকাশ কৰিছে। ভাৰতৰ বিকাশৰ শেহতীয়া তথ্য, স্কুল অর্থনৈতিক তথ্য আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ ফলত এখন আগশাৰীৰ তেল আমদানিকাৰী ৰাষ্ট্ৰৰ ওপৰত পৰিব পৰা প্ৰভাৱ সম্পর্কে সোধা প্ৰশ্নৰ উত্তৰত শ্রীমতী ক’জেকে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ভাৰতৰ শেহতীয়া মুঠ ঘৰুৱা উৎপাদনৰ তথ্যত ঔদ্যোগিক উৎপাদনৰ নতুন সূচ্যাংক আৰু উৎপাদক মূল্য সূচ্যাংক শৃংখলা অন্তর্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ আগতীয়া অনুমান উন্নত হ’ব বুলি তেওঁ প্রকাশ কৰে। তেওঁ কয় যে আই এম এফে ভাৰতৰ অর্থব্যৱস্থাৰ ওপৰত তেলৰ বৰ্ধিত মূল্যৰ প্ৰভাৱ নিৰীক্ষণ কৰি আছে বুলি উল্লেখ কৰি শ্রীমতী ক’জেকে কয় যে ইন্ধনৰ বৰ্ধিত মূল্যই তেল আমদানিকাৰী ৰাষ্ট্ৰসমূহৰ বাবে চাপৰ সৃষ্টি কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।