শ্ৰীলংকাৰ পাল্লেকলে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত তিনিখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে শ্রীলংকাক ৪৩ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে ভাৰতে শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰিছে। টছত জয়লাভ কৰি শ্ৰীলংকাই প্ৰথমে ভাৰতক বেট ধৰাৰ আমন্ত্ৰণ জনায়। ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ২১৩ ৰান সংগ্ৰহ কৰে। সূর্য কুমাৰ যাদৱে ৫৮ ৰানৰ বৰঙণি আগবঢ়ায়। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই ১৯ অভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৭০ ৰান সংগ্ৰহ কৰে। সূৰ্য কুমাৰ যাদৱক প্লেয়াৰ অব্ দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। শৃংখলাৰ দ্বিতীয়খন খেল একেটা স্থানতে আজি সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব।
Assamese | July 28, 2024 11:57 AM | Cricket
ভাৰত আৰু শ্ৰীলংকা তিনিখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকা ৪৩ ৰানত পৰাস্ত