নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু ম্যানমাৰৰ মাজৰ ২৩ সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকৰ কালি সামৰণি পৰে। দুদিনীয়াকৈ আয়োজিত এই বৈঠকত দুয়োখন দেশে দ্বিপাক্ষিক নিৰাপত্তা সহযোগিতা আৰু দ্বিপাক্ষিক আলোচনাৰ অধীনত অগ্ৰগতিৰ পৰ্যালোচনা কৰে। গৃহ মন্ত্রালয়ে প্রকাশ কৰা মতে দুয়োখন দেশে সন্ত্রাসবাদ, উগ্রবাদ, মাদক দ্রব্য আৰু অস্ত্র শস্ত্ৰ সৰবৰাহ, মানৱ সৰবৰাহ, বন্যপ্রাণী সৰবৰাহ, চাইবাৰ অপৰাধ তথা অন্যান্য সংগঠিত অপৰাধকে ধৰি আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ বিৰুদ্ধে কাম কৰাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ত আলোচনা কৰে। দুয়ো পক্ষই লগতে উমৈহতীয়া নিৰাপত্তাজনিত প্রত্যাহ্বানসমূহ সমাধান কৰাৰ বাবে ক্ষমতা গঢ়ি তোলা আৰু চোৰাংচোৱাৰ তথ্যসমূহ আদান প্রদানৰ ক্ষেত্ৰত সন্মতি প্রকাশ কৰে। এই বৈঠকে দুয়োখন দেশৰ দীর্ঘদিনীয়া মিত্রতা তথা অংশীদাৰিত্বৰ প্ৰয়োজনীয়তা পুনৰ নিশ্চিত কৰাৰ উপৰি উমৈহতীয়া স্বাৰ্থৰ বাবে সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্রুতিবদ্ধতাও নিশ্চিত কৰে।
বৈঠকত ভাৰত-ম্যানমাৰ সীমান্তৰ বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতি পর্যালোচনা কৰাৰ লগতে সীমান্ত অঞ্চলত শান্তি, স্থিৰতা আৰু সুৰক্ষা বৰ্তাই ৰখাৰ প্ৰয়োজনীয়তা পুনৰ নিশ্চিত কৰা হয়। দুয়োখন দেশে কালাদান মাল্টি ম’ডেল ট্রাঞ্জিত ট্রান্সপ’ৰ্ট প্রকল্প আৰু ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্রিপাসিক ঘাইপথ সম্পূর্ণ কৰাৰ দিশত সহযোগিতাৰে কাম কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। বৈঠকত ভাৰতীয় প্রতিনিধিসকলক গৃহ সচিব গোবিন্দ মোহনে নেতৃত্ব দিয়াৰ বিপৰীতে ম্যানমাৰৰ প্ৰতিনিধি দলক দেশখনৰ গৃহ পৰিক্ৰমা মন্ত্রালয়ৰ উপ-মন্ত্রী মেজৰ জেনেৰেল মিন খুৱে নেতৃত্ব দিয়ে।