কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে ভাৰত আৰু নৰৱেৰ মাজত ষ্টার্টআপ সেঁতু মুকলি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। দুয়োখন দেশে ব্যৱসায়িক সম্পর্ক শক্তিশালী কৰাৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষতিত তেওঁ এই প্ৰস্তাৱ আগবঢ়ায়। শ্রীগোৱেলে উভয় দেশৰ মাজত দ্বিপাক্ষিক ব্যৱসায় আৰু বিনিয়োগ বৃদ্ধিৰ উদ্দেশ্য সংশ্লিষ্ট মন্ত্ৰ্যালয়সমূহৰ সৈতে সহযোগিতাৰে এই ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহ সমূহীয়াভাৱে দূৰ কৰাৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰিছে। ভাৰতীয় উদ্যোগ মহাসংঘ চি আই আই-এ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যিক প্ৰসাৰ বিভাগৰ উদ্যোগত মুম্বাইত আয়োজন কৰা ভাৰত-নৰৱে ব্যৱসায়িক মঞ্চত ভাষণ দি তেওঁ এইদৰে কয়। শ্রীগোৱেলে ভাৰতক বিশ্বৰ বিনিয়োগৰ এক আকর্ষণীয় কেন্দ্ৰ হিচাপে অভিহিত কৰে আৰু নৰৱেৰ কোম্পানীসমূহক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ লাভ উঠাবলৈ ভাৰতত বিনিয়োগ কৰিবলৈ আহ্বান জনায়।
Assamese | December 9, 2024 1:49 PM | Central Minister | Piyush Goyal
ভাৰত আৰু নৰৱেৰ মাজত ষ্টার্টআপ সেঁতু মুকলি কৰাৰ বাবে প্ৰস্তাৱ কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলৰ