ভাৰত আৰু নিউজিলেণ্ডে এখন ব্যাপক আৰু পাৰস্পৰিক লাভজনক মুক্ত বাণিজ্য চুক্তিৰ ওপৰত আলোচনা কৰিব বুলি ঘোষণা কৰিছে। আজি নতুন দিল্লীত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিযুষ গোৱেল আৰু নিউজিলেণ্ডৰ বাণিজ্য আৰু বিনিয়োগ মন্ত্ৰী টড মেকক্লেৰ মাজত হোৱা আলোচনাত এই কথা সদৰি কৰা হয়৷ সামাজিক মাধ্যমযোগে শ্রীগোৱেলে কয় যে এই দ্বিপাক্ষিক অংশীদাৰিত্বৰ চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ বাণিজ্যিক সম্পৰ্ক আৰু অধিক গভীৰ আৰু সম্প্ৰসাৰিত হ’ব। তেওঁ আৰু কয় যে এই দ্বিপাক্ষিক বাণিজ্য ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু ২০২৪ চনৰ এপ্ৰিলৰ পৰা ২০২৫ চনৰ জানুৱাৰীলৈকে এই বাণিজ্য এক বিলিয়ন মার্কিন ডলাৰ অতিক্ৰম কৰিছে।
Assamese | March 16, 2025 8:19 PM | India-New Zeeland
ভাৰত আৰু নিউজিলেণ্ডে পাৰস্পৰিক লাভজনক মুক্ত বাণিজ্য চুক্তিৰ ওপৰত আলোচনা কৰিব বুলি দুয়ো দেশৰ ঘোষণা