কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ুষ গোৱেলে ভাৰত আৰু জাৰ্মানীৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য ৩১ দশমিক ৫ বিলিয়ন ইউৰোৰ পৰা ৩১০ বিলিয়ন ইউৰোলৈ বৃদ্ধিৰ অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই বৃদ্ধিৰ বাবে দুয়ো দেশৰ মাজত উৎপাদন, বিনিয়োগ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতাৰ আহ্বান জনাই মন্ত্রী শ্রীগোৱেলে কয় যে দুয়ো দেশে যোগান শৃংখল শক্তিশালী কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে নতুন অর্থনৈতিক সুযোগ সৃষ্টি কৰিব পাৰে। কালি বার্লিনত ভাৰত জার্মানী ব্যৱসায়িক ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰি শ্রীগোৱেলে এই কথা প্ৰকাশ কৰে ।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জাৰ্মানীৰ অৰ্থনৈতিক পৰিক্ৰমা আৰু শক্তি বিভাগৰ মন্ত্ৰী কেথেৰীনা ৰেইছেৰ সৈতে এখন বৈঠকত মিলিত হোৱা বুলি প্ৰকাশ কৰে। এই বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে কৃত্রিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ, জটিল খনিজ পদার্থ, সেউজ হাইড্ৰজেন, নবীকৰণযোগ্য শক্তি, শক্তি সংৰক্ষণ আৰু স্থিতিস্থাপক যোগান শৃংখলৰ বিষয়ে আলোচনা কৰে ।
ভাৰত উফৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে দুয়ো দেশৰ বাবে ব্যৱসায়ৰ নতুন সুযোগ সুবিধা কঢ়িয়াই আনিব বুলিও মন্ত্রী শ্রীগোৱেলে আশা প্রকাশ কৰে ।
উল্লেখযোগ্য যে বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তিগত সহযোগিতা বৃদ্ধিৰ লক্ষ্য আগত ৰাখি চৰকাৰী ভ্রমণসূচীৰে জাৰ্মানীলৈ যোৱা মন্ত্ৰী শ্ৰীগোৱেল দেশখনত কাইলৈ পৰ্যন্ত উপস্থিত থাকিব আৰু ইয়াৰ পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীয়ে নেডাৰলেণ্ডছলৈ ৰাওনা হ’ব ।