প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গ্ৰীচৰ প্ৰধানমন্ত্রী কাইৰিয়াক’ছ মিটছ’ টেকিছ দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে। টেলিফোনযোগে হোৱা এটা কথোপকথনত দুয়োগৰাকী নেতাই ভাৰত-মধ্যপ্রাচ্য-ইউৰোপ অর্থনৈতিক মণ্ডল আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয়ত মত-বিনিময় কৰে। দুয়োগৰাকী নেতাই শেহতীয়া উচ্চ পৰ্যায়ৰ মত-বিনিময়ৰ জৰিয়তে দ্বিপাক্ষিক সম্পর্ক গঢ়ি তোলাৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৰ প্ৰশংসা কৰে। তেওঁলোকে বাণিজ্য, প্ৰতিৰক্ষা, জাহাজ পৰিবহন আৰু যোগাযোগকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশৰ প্ৰগতিৰ পুনৰীক্ষণ কৰে। প্ৰধানমন্ত্ৰীৰ মিটছ টেকিছে তৃতীয়বাৰৰ বাবে ভাৰতৰ ক্ষমতালৈ অহা শ্রীমোদীক অভিনন্দন জনায়।
Assamese | November 2, 2024 6:16 PM | narendra modi | PMO
ভাৰত আৰু গ্ৰীচৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে সহমতত উপনীত প্রধানমন্ত্ৰী মোদী আৰু গ্ৰীচৰ প্ৰধানমন্ত্রী কাইৰিয়াক’ছ মিটছ’ টেকিছ