ভাৰতৰ বাবে সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশীলতা কেৱল মুখৰ কথাই নহয়, বৰং এই নীতিত দেশ অটল হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি Forces First সন্মিলনত অংশগ্রহণ কৰি শ্রীসিঙে কয়, যে ভাৰতে অকল দেশৰ ভিতৰতে নহয়, বৰং প্রয়োজন হ’লে সন্ত্রাসবাদীৰ ঘাটিত প্ৰৱেশ কৰিও আক্রমণ চলাব।
অপাৰেচন সিন্ধুৰ সময়ত সমগ্র বিশ্বই ভাৰতৰ এই নীতি প্রত্যক্ষ কৰা বুলি উল্লেখ কৰি শ্রীসিঙে ইয়াক কাৰিকৰী যুদ্ধৰ এটা উজ্জ্বল নিদর্শন বুলি অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে অপাৰেচন সিন্দুৰৰ সময়ত আকাশতীৰ, আকাশ ক্ষেপনাস্ত্র প্রণালী আৰু ব্রহ্ম’ছসহ ভালেমান অত্যাধুনিক প্ৰতিৰক্ষা সঁজুলি ব্যৱহাৰ কৰা হৈছিল।
মন্ত্ৰীগৰাকীয়ে কয়, যে বিগত ১২ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা সুদৃঢ় কৰাত সৰ্বাধিক অগ্ৰাধিকাৰ দি আহিছে। শ্রীসিঙে কয়, যে চৰকাৰে দেশৰ প্ৰতিৰক্ষা আৱশ্যকতা পূৰণৰ বাবে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰাৰ সংকল্প লৈছে।
সশস্ত্র বাহিনীসমূহৰ আধুনিকীকৰণৰ বাবে বাজেটত আবণ্টিত ধনৰ ৭৫ শতাংশ, ভাৰতীয় উদ্যোগৰ পৰা সামগ্রী ক্ৰয়ৰ বাবে আছুতীয়াকৈ ৰখা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে চৰকাৰে দেশত প্ৰতিৰক্ষা আহিলা-পাতিৰ উৎপাদনত গতি প্ৰদানৰ উদ্দেশ্যে এই বছৰ নতুন প্ৰতিৰক্ষা ক্ৰয় ব্যবস্থা প্ৰৱৰ্তন কৰিব।