ভাৰতৰ পৰা পঠোৱা ১৬,৪০০ টন চাউল কঢ়িয়াই নিয়া দুখন জাহাজ কালি বাংলাদেশৰ মংলা বন্দৰত উপস্থিত হয়। ইয়াৰে ওড়িশাৰ ধৰ্ম বন্দৰৰ পৰা ৭,৭০০ টন আৰু কোলকাতা বন্দৰৰ পৰা ৮,৭০০ টন চাউল নিয়া হৈছে। বাংলাদেশৰ মংলাৰ খাদ্য নিয়ন্ত্ৰক কাৰ্যালয়ৰ সৈতে হোৱা বুজাবুজি মতে ভাৰতে বাংলাদেশলৈ ৩০ হাজাৰ টন চাউল পঠিয়াব। ইয়াৰে ৪০ শতাংশ মংলা বন্দৰ আৰু বাকী অংশ চিতাগং বন্দৰলৈ পঠিয়াব। ইয়াৰে প্ৰথম ভাগত ৫,৭০০ টন চাউল ইতিমধ্যে ২০ জানুৱাৰীত পঠিয়াই দিয়া হৈছে।
Assamese | February 2, 2025 7:02 PM | Agri export facility
ভাৰতৰ পৰা ১৬,৪০০ টন চাউল কঢ়িয়াই নিয়া দুখন জাহাজ বাংলাদেশৰ মংলা বন্দৰত উপস্থিত