February 2, 2025 7:02 PM

views 25

ভাৰতৰ পৰা ১৬,৪০০ টন চাউল কঢ়িয়াই নিয়া দুখন জাহাজ বাংলাদেশৰ মংলা বন্দৰত উপস্থিত

ভাৰতৰ পৰা পঠোৱা ১৬,৪০০ টন চাউল কঢ়িয়াই নিয়া দুখন জাহাজ কালি বাংলাদেশৰ মংলা বন্দৰত উপস্থিত হয়। ইয়াৰে ওড়িশাৰ ধৰ্ম বন্দৰৰ পৰা ৭,৭০০ টন আৰু কোলকাতা বন্দৰৰ পৰা ৮,৭০০ টন চাউল নিয়া হৈছে। বাংলাদেশৰ মংলাৰ খাদ্য নিয়ন্ত্ৰক কাৰ্যালয়ৰ সৈতে হোৱা বুজাবুজি মতে ভাৰতে বাংলাদেশলৈ ৩০ হাজাৰ টন চাউল পঠিয়াব। ইয়াৰে ৪০ শতাংশ মংলা বন্দৰ আৰু বাকী অংশ চিতাগং বন্দৰলৈ পঠিয়াব। ইয়াৰে প্ৰথম ভাগত ৫,৭০০ টন চাউল ইতিমধ্যে ২০ জানুৱাৰীত পঠিয়াই দিয়া হৈছে।

July 26, 2024 5:52 PM

views 24

জৱাহৰলাল নেহৰু বন্দৰত ভাৰতৰ প্ৰথমটো সংহত কৃষি ৰপ্তানি সুবিধা প্ৰদান

দেশৰ কৃষি ৰপ্তানি আৰু আমদানি সামর্থ শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে জৱাহৰলাল নেহৰু বন্দৰত ভাৰতৰ প্ৰথমটো সংহত কৃষি ৰপ্তানি সুবিধা প্ৰদান কৰা হ'ব। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২৮৪ কোটি টকাৰো অধিক মূল্যৰ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্বৰ পদ্ধতিত ৰপ্তানি-আমদানিসহ ঘৰুৱা কৃষি সামগ্ৰী ভিত্তিত প্ৰক্ৰিয়াকৰণ আৰু সংৰক্ষণ সুবিধাৰ উন্নয়নৰ প্রকল্পত অনুমোদন জনাইছে। সোণোৱালে কৈছে যে এই সংহত কৃষি সুবিধাৰ উন্নয়ণে কৃষি সামগ্রী সুশৃংখলিত কৰিব, অপচয় হ্ৰাস কৰিব আৰু কৃষিজাত সামগ্ৰীৰ উন্নত মূল্য প্ৰদ...