প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতৰ নিষ্ঠাপূর্ণ আৰু অভিনৱ প্ৰয়াসৰ বাবেই যক্ষ্মা ৰোগত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাইছে। এই ক্ষেত্ৰত দেশৰ প্ৰগতিৰ প্ৰশংসা কৰি শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে, চৰকাৰে সমূহীয়া ভাৱনাৰে যক্ষ্মামুক্ত ভাৰতৰ হকে কাম কৰি যাব। তেওঁ কয় যে, চৰকাৰ যক্ষ্মামুক্ত ভাৰত গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিত অটল হৈ আছে। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা মতে, ভাৰতত ২০১৫ ৰ পৰা ২০২৩ বৰ্ষলৈ যক্ষ্মা ৰোগৰ ঘটনা ১৭.৭ শতাংশ হ্ৰাস পাইছে। এই হাৰ যক্ষ্মা ৰোগী হ্ৰাস পোৱা ৮.৩ শতাংশৰ গোলকীয় হাৰৰ দুগুণৰো অধিক । সামাজিক মাধ্যমযোগে কালি এই কথা সদৰি কৰি স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই কয় যে, এই সাফল্যই যক্ষ্মা ৰোগ নিয়ন্ত্ৰণৰ বাবে ভাৰতৰ ৰূপান্তৰকাৰী দৃষ্টিভংগীকে প্ৰতিফলিত কৰে। তেওঁ কয় যে চৰকাৰে যক্ষ্মা ৰোগীসকলক আৱশ্যকীয় পৰিপুষ্টি সাহায্য প্ৰদানৰ অৰ্থে নি-ক্ষয় পোষণ যোজনাৰ লেখিয়া উদ্যম গ্ৰহণ কৰি ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূলকৰণ কাৰ্যসূচীৰ সম্প্ৰসাৰ কৰিছে আৰু এই কাৰ্যসূচী অধিক শক্তিশালী কৰি তুলিছে।
Assamese | November 3, 2024 8:27 PM | PM Modi on TB
ভাৰতৰ নিষ্ঠাপূর্ণ আৰু অভিনৱ প্ৰয়াসৰ বাবেই যক্ষ্মা ৰোগত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পাইছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী