ভাৰতে তথাকথিত পাকিস্তান-চীন সীমান্ত যুটীয়া আয়োগৰ অস্তিত্ব নুই কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কালি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে, পাকিস্তানৰ অবৈধভাৱে দখল কৰা ভাৰতৰ ভূখণ্ডৰ সৈতে জড়িত কোনো ব্যৱস্থাত চামিল হোৱাৰ অধিকাৰ নাই । তেওঁ কয়, যে এই সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী স্পষ্ট আৰু অটল। শ্ৰী জয়ছোৱালে কয়, যে নতুন দিল্লী মহলে পাকিস্তান-চীন সীমান্ত যুটীয়া আয়োগক মানি নলয়, কিয়নো ইয়াৰ কোনো বৈধ ভিত্তি নাই। কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল আৰু সদায় হৈ থাকিব বুলি মুখপাত্র গৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে ভাৰতে ১৯৬৩ চনৰ চীন-পাকিস্তান সীমা চুক্তিক কেতিয়াও স্বীকৃতি প্ৰদান কৰা নাই আৰু এই চুক্তি অবৈধ বুলি গণ্য কৰি আহিছে। শ্রী জয়ছোৱালে কয়, যে ভাৰতে অবৈধভাৱে দখল কৰি থকা অঞ্চলক বৈধ প্রতিপন্ন কৰাৰ বাবে চলোৱা প্ৰয়াসৰ তীব্ৰ বিৰোধিতা কৰে। পাকিস্তানে এনে প্ৰয়াস চলোৱাৰ পৰিৱৰ্তে সেই অঞ্চলসমূহৰ আঁতৰি যোৱা উচিত বুলি তেওঁ মন্তব্য কৰে।
Assamese | September 17, 2026 12:23 PM | India-pakisthan
ভাৰতৰ তথাকথিত পাকিস্তান-চীন সীমান্ত যুটীয়া আয়োগৰ অস্তিত্ব নুই