June 12, 2026 12:14 PM | PM Modi

printer

ভাৰতৰ উন্নয়ন গাথা বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

বিশ্বৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থা অনিশ্চয়তা আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতৰ উন্নয়ন গাথা বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত কালি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্রধানমন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰশীলতাৰ প্ৰতি ৰাষ্ট্ৰৰ সংকল্প অধিক সুদৃঢ় কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে । তেওঁ বিশেষকৈ নৱীকৰণযোগ্য শক্তি খণ্ডত বিশ্বৰ বিভিন্ন দেশৰ শ্ৰেষ্ঠ প্ৰযুক্তি আৰু পদ্ধতি আকোৱালি লোৱাত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে লগতে ৰাজ্যসমূহক এখন জিলা এবিধ সামগ্রী উদ্যমত গুৰুত্ব আৰোপ কৰিবলৈ আৰু এই সন্দৰ্ভত ৰপ্তানিমুখী ৰণনীতি যুগুতাই উলিয়াবলৈ আহ্বান জনায়।