লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে ভাৰতৰ উন্নয়ন আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত বিদেশত বাস কৰা ভাৰতীয়সকলৰ যথেষ্ট গুৰুত্ব আছে। মস্কোত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰি দিয়া ভাষণ প্ৰসংগত তেওঁ কয় যে, দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত প্ৰবাসী ভাৰতীয়সকলে বিশেষ ভূমিকা ল’ব পাৰে। ৰাছিয়াত বাস কৰা ভাৰতীয় লোকসকলৰ অৱদান আৰু কৃতিত্বৰ জৰিয়তে ৰাছিয়াত ভাৰতৰ এক বিশেষ ভাৱমূৰ্তি গঢ়ি উঠিছে। ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কৰ কথা উল্লেখ কৰি ওম বিৰলাই কয় যে, দুয়োখন দেশৰ পাৰস্পৰিক বিশ্বাস আৰু সন্মানৰ বাবে প্ৰত্যাহ্বানৰ সময়তো দুয়োখন দেশে ইখনে সিখনক সমৰ্থন কৰি আহিছে। উল্লেখযোগ্য যে, ১২ জুলাইত সমাপ্ত হোৱা দশম ব্রিকছ সংসদীয় মঞ্চত ভাৰতৰ সংসদীয় প্রতিনিধি হিচাপে ওম বিৰলা উপস্থিত আছিল।
Assamese | July 14, 2024 8:25 PM | Om Birla
ভাৰতৰ উন্নয়ন আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত প্ৰবাসী ভাৰতীয়সকলৰ যথেষ্ট গুৰুত্ব আছেঃ ওম বিৰলা