ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অর্জন কৰা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রকাশ কৰিছে। আকাশবাণীৰ মন কি বাত অনুষ্ঠানৰ যোগেদি আজি দেশ-বিদেশৰ জনসাধাৰণ সৈতে মত বিনিময় কৰি প্রধানমন্ত্রী মোদীয়ে কয়, যে বর্তমান দেশত এনেধৰণৰ আৰু ৪০ খন বিমান নিৰ্মাণ কৰি থকা হৈছে।
তেওঁ কয়, যে ইয়াৰ ফলত অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ তথা বিমানাকাশ ক্ষেত্রই গতি লাভ কৰাৰ লগতে কর্মসংস্থাপন সুযোগ সৃষ্টি হৈছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প সুদৃঢ় হৈ উঠিছে।
চলিত মাহত কলকাতাত আই এন এছ ডুনাগিৰি, সংশোধক আৰু অগ্ৰয় নামৰ তিনিখন যুদ্ধ জাহাজ নৌ সেনা বাহিনীক অন্তর্ভুক্ত কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে জাহাজ তিনিখনৰ আৰ্হিৰ পৰা নিৰ্মাণলৈকে সকলোখিনি স্বদেশী।
জুন মাহতে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা ডি অ’ ডি আয়ো ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা দীর্ঘ দূৰত্বভেদী ক্রুইজ ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰা বুলি শ্রী মোদীয়ে উল্লেখ কৰে।
তেওঁ কয়, যে ডি আৰ ডি অই ভাৰতীয় উদ্যোগ জগতৰ সহযোগিতাৰে এই ক্ষেপনাস্ত্রবিধ বিকশাই তুলিছে। তেওঁ লগতে কয়, যে ভাৰত সমুদ্ৰৰ পৰা আকাশলৈ ক্ৰমান্বয়ে আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ হৈছে।