July 4, 2026 11:05 AM | Piushs gowel

printer

ভাৰতে চলিত বছৰত ১ ত্ৰিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে বুলি পিযুষ গোৱেলৰ প্ৰকাশ

ভাৰতে চলিত বছৰত ১ ত্ৰিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলে প্ৰকাশ কৰে। বছৰৰ প্ৰথম ৩টা মাহত প্ৰায় ১৫ শতাংশ বাৰ্ষিক ৰপ্তানি ইতিমধ্যে সম্পন্ন হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

নতুন দিল্লীত কালি উদ্যোগীসকলৰ সৈতে হোৱা এখন বৈঠকত শ্রীগোৱেলে কয়, যে কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰপ্তানী ব্যৱস্থা অধিক উন্নত কৰি তুলিছে য’ত প্ৰতিখন ৰাজ্য, জিলা আৰু ঔদ্যোগিক গোটক সমান গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতে ৮৬৩ বিলিয়ম মার্কিন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানি কৰা বুলি মন্ত্ৰী শ্ৰী গোৱেলে প্ৰকাশ কৰে। তেওঁ কয়, যে দেশৰ অতি ক্ষুদ্র, ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ উদ্যোগসমূহেও যাতে দেশত ৰপ্তানি ব্যৱস্থাৰ জৰিয়তে লাভান্বিত হয় সেইটো সুনিশ্চিত কৰাৰ বাবে প্ৰয়াস অব্যাহত আছে। দেশৰ প্ৰতিখন জিলাকে ৰপ্তানীৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে বুলিও শ্রী গোৱেলে প্ৰকাশ কৰে। তেওঁ কয়, যে প্রতিখন জিলাতে স্থানীয় ব্যৱসায় বিশেষকৈ অতি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগীসকলক উৎসাহ জনোৱাৰ লগতে ৰপ্তানিৰ সুবিধা, নথি-পত্ৰ আৰু বজাৰৰ সুবিধা মুকলি কৰি দিয়াৰ উদ্দেশ্যে একো গৰাকীকৈ নডেল বিষয়া নিয়োগ কৰা হ’ব। তেওঁ কয়, যে ৰপ্তানী ব্যৱস্থাটো সহজ কৰি তোলাৰ বাবে চৰকাৰে ব্যৱসায়িক লেনদেনৰ লগতে ব্যৱসায়িক সূচলতা উন্নত কৰাত গুৰুত্ব দিছে। তেঁও কয় যে ৰপ্তানীক উদগণি যোগোৱা এই ব্যৱস্থাই বিদেশতো ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব। শ্রীগোৱেলে লগতে কয় যে ৩৮ খন বিকশিত ৰাষ্ট্ৰৰ সৈতে হোৱা মুক্ত বাণিজ্য চুক্তিয়ে ভাৰতীয় ৰপ্তানী ব্যৱস্থাক শক্তিশালী কৰি তোলাৰ লগতে বিশ্ব বজাৰত নিজৰ স্থান দখল কৰাৰ ক্ষেত্ৰত ভাৰতৰ ব্যৱসায়ীসকলক নতুন সুযোগ প্ৰদান কৰিব। তেওঁ লগতে কয়, যে ভাৰতৰ সৈতে বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে বিশ্বজুৰি আকৰ্ষণ বৃদ্ধি হৈছে। শেহতীয়াকৈ জাপান, গ্ৰীচ আৰু ব্ৰিটেইনৰ সৈতে হোৱা ব্যৱসায়িক লেনডেনৰ বিষয়ে প্ৰকাশ কৰি শ্ৰী গোৱেলে কয়, যে ভাৰতে ব্যৱসায়িক সম্বন্ধ শক্তিশালী কৰি তোলাৰ বাবে বিশ্বনেতা আৰু ঔদ্যোগিক প্রতিনিধিসকলৰ সৈতে সক্রিয় সহযোগিতা অব্যাহত ৰাখিছে। ইয়াৰ জৰিয়তে সমাগত সময়ত ভাৰতৰ ৰপ্তানি ব্যৱস্থা বিশেষ শক্তিশালী হৈ পৰিব বুলি শ্ৰী গোৱেলে আস্থা প্ৰকাশ কৰে।

ইফালে ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই বৈঠকত অসমৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰী বৰাই অসমত উৎপাদিত আগৰ, বস্ত্ৰসম্ভাৰ, কৃষিজাত সামগ্ৰী আদি ৰপ্তানিৰ জৰিয়তে শক্তিশালী অর্থনীতি আৰু বাণিজ্যিক শৃংখল গঢ়ি তোলাৰ দিশত আলোকপাত কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।