ভাৰতে কোনো ধৰণৰ সন্ত্ৰাসবাদী কার্যকলাপ সহ্য নকৰে আৰু সন্ত্ৰাসবাদ দমনৰ বাবে কঠোৰ ব্যৱস্থা অব্যাহত ৰাখিব বুলি কেন্দ্ৰীয় গৃহ পৰিক্ৰমা ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰকাশ কৰিছে। পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক বৰ্বৰ কাৰ্য বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিলে আৰু দেশখনত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধংস কৰিলে। মন্ত্ৰী ৰায়ে নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ডৰ আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্র উদ্বোধন কৰি এইদৰে কয়। সন্ত্ৰাসবাদক বিশ্বজোৰা শান্তি, প্ৰগতি আৰু বিকাশৰ আটাইতকৈ বৃহৎ ভাবুকি বুলি তেওঁ বৰ্ণনা কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলো একেলগে ওলাই অহাত আৰু সন্ত্ৰাসবাদৰ পৰিকাঠামো ধ্বংস কৰাত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব দিয়ে। শ্ৰী ৰায়ে কয়, যে সন্ত্রাসবাদে এতিয়া ৰূপ সলাইছে আৰু বিশ্ব সুৰক্ষাত ছাইবাৰ ভাবুকি নতুন প্ৰত্যাহ্বান হিচাপে থিয় দিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে দেশীয় অস্ত্ৰ নিৰ্মাণৰ বিকাশ সাধন কৰাৰ উপৰি সশস্ত্র বাহিনীক আধুনিক কৰি গঢ়ি তুলিবলৈ সমৰ্থ হৈছে।
Assamese | June 10, 2025 7:19 PM | Akashvani News | Modi Govt | Nityanand Rai
ভাৰতে কোনো ধৰণৰ সন্ত্ৰাসবাদী কার্যকলাপ সহ্য নকৰেঃ নিত্যানন্দ ৰায়