দেশৰ অসামৰিক প্ৰতিৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে ভাৰতীয় সেনাৰ সহযোগত এটা বিশেষ প্রশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিব। এই কাৰ্যসূচীৰ অধীনত অসামৰিক প্ৰতিৰক্ষাৰ প্ৰধান প্রশিক্ষকসকলক বিশেষ প্রশিক্ষণ প্ৰদান কৰা হ’ব। দেশজুৰি এটা শক্তিশালী অসামৰিক প্ৰতিৰক্ষা নেটৱৰ্ক গঢ়ি তোলাই এই পদক্ষেপৰ মূল লক্ষ্য।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি, প্ৰথম পৰ্যায়ত ১২খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত তিনিদিনীয়া প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হ’ব। এই ৰাজ্যসমূহ হ’ল জম্মু-কাশ্মীৰ, পঞ্জাব, ৰাজস্থান, গুজৰাট, দিল্লী, মেঘালয়, ছিকিম, অসম, উত্তৰ প্ৰদেশ, কেৰালা, কৰ্ণাটক আৰু তামিলনাডু। চলিত বৰ্ষৰ নৱেম্বৰৰ দ্বিতীয় সপ্তাহৰ ভিতৰত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫০ গৰাকীকৈ মুঠ ৬০০গৰাকী প্রধান প্রশিক্ষকক প্রশিক্ষণ দিয়াৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে।
উল্লেখযোগ্য যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই বছৰৰ স্বাধীনতা দিৱসৰ ভাষণত আধুনিক ব্যৱস্থা, উন্নত প্রযুক্তি আৰু জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিব পৰা সক্ষমতাৰে সমৃদ্ধ এটা শক্তিশালী অসামৰিক প্ৰতিৰক্ষা নেটৱৰ্ক গঢ়ি তোলাৰ কথা ঘোষণা কৰিছিল।
এই প্রশিক্ষণত সম্ভাব্য ভাবুকিৰ বিষয়ে সজাগতা, সুৰক্ষা আৰু জৰুৰীকালীন সঁহাৰি, লগতে যোগাযোগ আৰু সমন্বয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব। ইয়াৰ জৰিয়তে নিৰাপত্তাজনিত ভাবুকি, প্রতিকূল পৰিস্থিতি আৰু জৰুৰীকালীন অৱস্থাৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত অসামৰিক প্ৰতিৰক্ষা কৰ্মীসকলৰ দক্ষতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে।