ভাৰতীয় শ্বাটলাৰ তুষাৰ সুভীৰ আৰু ৰক্ষিতা ৰামৰাজৰ তেলেংগানা ইণ্ডিয়া ইণ্টাৰনেচনেল চেলেঞ্জ ২০২৬ বেডমিণ্টন প্রতিযোগিতাত বিজয়ীৰ খিতাপ অৰ্জন

ভাৰতীয় শ্বাটলাৰ তুষাৰ সুভীৰ আৰু ৰক্ষিতা ৰামৰাজে আজি তেলেংগানা ইণ্ডিয়া ইণ্টাৰনেচনেল চেলেঞ্জ ২০২৬ বেডমিণ্টন প্রতিযোগিতাত পুৰুষ আৰু মহিলাৰ একক শাখাৰ বিজয়ীৰ খিতাপ অর্জন কৰিছে।

প্রতিযোগিতাখনত ভাৰতে পাঁচটাৰ ভিতৰত তিনিটা খিতাপ ইতিমধ্যে দখল কৰিছে। শীর্ষ বাছনিৰ ভাৰতীয় যুটী কৃষ্ণা প্রসাদ গাৰ্গ আৰু পৃথ্বি কৃষ্ণমূর্তি ৰয়ে ছাই প্রতীক কে. আৰু ৰুবান কুমাৰ ৰেথিনা ছাবাপথীৰ যুটীক ২১-১২, ২১-১৮ পইণ্টত পৰাস্ত কৰি বিজয় হৈছে।

পুৰুষৰ ছিংগলছত তুষাৰ সুভীৰে, ভাৰত ৰাঘৱক ১৫-২১, ২১-১৮, ২১-১৯ পইন্টত পৰাস্ত কৰিছে। ইপিনে, মহিলাৰ ছিংগলছত ৰক্ষিতাই কজুলা ৰামুক ১৬-২১, ২১-১৫, ২১-১৪ পইন্টত পৰাস্ত কৰিছে।

ৰাছিয়াৰ যুটী ৰডিঅন আলীমোঘ আৰু আলীনা ডেভলেট’ভাৰ বিৰুদ্ধে মিক্সড্ ডাবল্ঞ্ছত ভাৰতীয় যুটী সতীশ কুমাৰ কৰণাকৰম আৰু অশ্বিনী পোনাপ্পাই ১৯-২১, ২১-১১, ২১-১৩ পইণ্টত পৰান্ত হৈছে। মহিলাৰ ডাবলছত জাপানৰ মে’ ছুডো আৰু ম’ টানাবেই থাইলেণ্ডৰ ফাথাৰিন আৰু চাৰিছা জেনপেঙক ২১-১১, ২১-১১ পইণ্টত পৰাস্ত কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।