November 8, 2026 8:18 PM

views 10

ভাৰতীয় শ্বাটলাৰ তুষাৰ সুভীৰ আৰু ৰক্ষিতা ৰামৰাজৰ তেলেংগানা ইণ্ডিয়া ইণ্টাৰনেচনেল চেলেঞ্জ ২০২৬ বেডমিণ্টন প্রতিযোগিতাত বিজয়ীৰ খিতাপ অৰ্জন

ভাৰতীয় শ্বাটলাৰ তুষাৰ সুভীৰ আৰু ৰক্ষিতা ৰামৰাজে আজি তেলেংগানা ইণ্ডিয়া ইণ্টাৰনেচনেল চেলেঞ্জ ২০২৬ বেডমিণ্টন প্রতিযোগিতাত পুৰুষ আৰু মহিলাৰ একক শাখাৰ বিজয়ীৰ খিতাপ অর্জন কৰিছে। প্রতিযোগিতাখনত ভাৰতে পাঁচটাৰ ভিতৰত তিনিটা খিতাপ ইতিমধ্যে দখল কৰিছে। শীর্ষ বাছনিৰ ভাৰতীয় যুটী কৃষ্ণা প্রসাদ গাৰ্গ আৰু পৃথ্বি কৃষ্ণমূর্তি ৰয়ে ছাই প্রতীক কে. আৰু ৰুবান কুমাৰ ৰেথিনা ছাবাপথীৰ যুটীক ২১-১২, ২১-১৮ পইণ্টত পৰাস্ত কৰি বিজয় হৈছে। পুৰুষৰ ছিংগলছত তুষাৰ সুভীৰে, ভাৰত ৰাঘৱক ১৫-২১, ২১-১৮, ২১-১৯ পইন্টত পৰাস্ত কৰিছে। ইপিনে, মহিলা...