কেন্দ্ৰীয় চৰকাৰে উপসাগৰীয় অঞ্চলৰ পৰিৱৰ্তিত সামুদ্রিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাবিকসকলৰ সুৰক্ষাৰ বাবে পূর্ণ সতর্কতা অৱলম্বন কৰিছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে জাহাজ চলাচল সঞ্চালকালয়ে সংঘর্ষ প্রভাবিত জল পথেৰে অহা-যোৱা কৰা ভাৰত তথা আন ৰাষ্ট্ৰৰ ধবজাবাহী জাহাজত কৰ্মৰত সকলো ভাৰতীয় নাবিকক সৰ্বাধিক সতর্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। মন্ত্ৰ্যালয়ে জাহাজ পৰিচালনাকাৰী, ব্যৱস্থাপক আৰু খণ্ডটোৰ সৈতে জড়িত কোম্পানীসমূহক সামুদ্রিক সৰক্ষা বিষয়ক নিয়মাৱলী কঠোৰভাৱে মানি চলিবলৈ, পৰিস্থিতিৰ তথ্য আহৰণ কৰিবলৈ আৰু চৰকাৰ তথা সংশ্লিষ্ট আন্তঃৰাষ্ট্ৰীয় কৰ্তৃপক্ষসমূহে জাৰি কৰা পৰামৰ্শৱলী অহৰহ নিৰীক্ষণ কৰিবলৈ কৈছে।
বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে চৰকাৰে উপসাগৰীয় অঞ্চলৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু প্ৰতিগৰাকী ভাৰতীয় নাবিকৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণৰ প্ৰতি ই সম্পূর্ণভাৱে প্ৰতিশ্রুতিবদ্ধ। তেওঁ কয়, যে সংশ্লিষ্ট সকলো মন্ত্ৰালয়, সংস্থা আৰু বিদেশস্থিত মিছনসমূহে প্ৰয়োজন হ’লে সময়মতে সহায়-সাহায্য আগবঢ়াবলৈ ঘনিষ্ঠ সহযোগিতাৰে কাম কৰি আছে। নাবিক কল্যাণ নিধি সমিতি প্রভাবিত নাবিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আৱশ্যক অনুযায়ী বিত্তীয় আৰু অন্য সাহাৰ্য আগবঢ়াবলৈ সাজু বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। নাবিক কল্যাণ নিধি সমিতিক প্ৰতিগৰাকী মৃত নাবিকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ এককালিন সাহায্য আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰি সংশ্লষ্ট সকলো পক্ষকে ভাৰতীয় নাবিকৰ সৈতে জড়িত যিকোনো ঘটনাৰ বিষয়া জাহাজ চলাচল সঞ্চালকালয়ক ততালিকে অৱগত কৰিবলৈ কোৱা হৈছে। ভাৰতীয় নাবিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সহায় আগবঢ়োৱাৰ বাবে অহৰ্নিশে কার্যক্ষম সুকীয়া যোগাযোগ তথা জৰুৰীকালীন সঁহাৰি ব্যৱস্থাৰ দিহা কৰা হৈছে।