June 12, 2026 12:16 PM
10
ভাৰতীয় নাবিকসকলৰ সুৰক্ষাৰ বাবে পূর্ণ সতর্কতা অৱলম্বন কেন্দ্ৰীয় চৰকাৰৰ
কেন্দ্ৰীয় চৰকাৰে উপসাগৰীয় অঞ্চলৰ পৰিৱৰ্তিত সামুদ্রিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাবিকসকলৰ সুৰক্ষাৰ বাবে পূর্ণ সতর্কতা অৱলম্বন কৰিছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে জাহাজ চলাচল সঞ্চালকালয়ে সংঘর্ষ প্রভাবিত জল পথেৰে অহা-যোৱা কৰা ভাৰত তথা আন ৰাষ্ট্ৰৰ ধবজাবাহী জাহাজত কৰ্মৰত সকলো ভাৰতীয় নাবিকক সৰ্বাধিক সতর্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। মন্ত্ৰ্যালয়ে জাহাজ পৰিচালনাকাৰী, ব্যৱস্থাপক আৰু খণ্ডটোৰ সৈতে জড়িত কোম্পানীসমূহক সামুদ্রিক সৰক্ষা বিষয়ক ন...