ভাৰতবৰ্ষ, জাহাজ নির্মাণ খণ্ডত নতুন দৃষ্টিভংগীৰ দিশে অগ্ৰসৰ হৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰতবৰ্ষ, জাহাজ নির্মাণ খণ্ডত নতুন দৃষ্টিভংগীৰ দিশে অগ্ৰসৰ হৈছে। থলুৱাভাবে নির্মিত আই এন এছ ডুনাগিৰি, আই এন এছ অগ্রয় আৰু আই এন এছ সংশোধক নামৰ জাহাজকেইখন আজি কলকাতাত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় নৌ সেনাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি তেওঁ এইদৰে কয়।

সমুদ্র পথৰ অভিযান শক্তিশালী কৰি তোলা, সামুদ্রিক জৰীপ আৰু ছাবমেৰিণৰ আক্ৰমণ প্রতিহত কৰাৰ লক্ষ্যৰে নৌ সেনাৰ যুদ্ধ জাহাজৰ আৰ্হি প্ৰস্তুতকৰণ ব্যুৰোৱে আৰ্হি প্ৰস্তুত কৰা এই জাহাজকেইখন Garden Reach Shipbuilders and Engineers নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰি উলিয়াইছে।

অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে কয়, যে শেহতীয়া কেইটামান বছৰত কেন্দ্ৰীয় চৰকাৰে নীতি নির্ধাৰণৰ ক্ষেত্রত ভালেমান সংশোধনী ঘটাইছে। থলুৱাভাৱে নিৰ্মাণৰ সামৰ্থ্য বৃদ্ধি কৰাৰ বাবেও ভালেমান ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, যে শেহতীয়া সময়ছোৱাত জাহাজ নির্মাণ, জাহাজৰ মেৰামতি তথা চোৱাচিতা, অভিযান আদি দিশৰ প্ৰতি বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে।

এই নতুন যুদ্ধ জাহাজকেইখনৰ সেৱা মুকলি কৰাটোৱে ভাৰতবৰ্ষৰ ভৱিষ্যতৰ এটা নতুন দিশৰ সূচনা কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰে দেশৰ সামুদ্রিক খণ্ডক উন্নত ভাৰতৰ কৰ্মসংস্থাপন সৃষ্টিৰ উৎস হিচাপে গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত আহিবলগীয়া সময়ত ভাৰতৰ সামুদ্রিক খণ্ডত কেইবালাখ নতুন সংস্থাপনৰ সৃষ্টি হ’ব।

দেশত প্ৰতিৰক্ষা খণ্ডৰ নিৰ্মাণৰ মাত্রা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে প্ৰতিৰক্ষামূলক সঁজুলিৰ ৰপ্তানিৰ হাৰো অভূতপূর্বভাবে বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয়, যে ২০১৪ চনলৈ ভাৰতে প্রায় ৭০০ কোটি টকা মূল্যৰ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছিল যদিও সম্প্রতি এই পৰিমাণ পূৰ্বতকৈ প্রায় ৪০ কোটি টকা বৃদ্ধি পাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।