ভাৰতক বিশ্বৰ কৃত্রিম বুদ্ধিমত্তা প্ৰয়োগৰ অন্যতম কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি থকা হৈছে বুলি কেন্দ্রীয় ইলেক্ট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰীগৰাকীয়ে কয় যে দেশত কৃষি, স্বাস্থ্যসেৱা আৰু শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ সম্প্ৰসাৰণৰ দিশত কাম কৰা হৈছে। ইয়াৰ উপৰিও ভাৰতীয় উদ্যোগসমূহে কৃত্রিম বুদ্ধিমত্তা বা এ আই আধাৰিত প্ৰয়োগসমূহৰ বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্রগতি লাভ কৰা বুলিও তেওঁ উল্লেখ কৰে।
এ আই বিনিয়োগৰ ভৱিষ্যতক লৈ সৃষ্টি হোৱা উদ্বেগৰ মাজতে শেহতীয়াকৈ বিশ্বব্যাপী প্রযুক্তিখণ্ডৰ শ্বেয়াৰ বজাৰত হোৱা পতন সংক্ৰান্তীয় প্ৰশ্নৰ উত্তৰত শ্রী বৈষ্ণৱে কয় যে এ আই উদ্যোগটো বৰ্তমান দ্রুত পৰিৱৰ্তন আৰু অনিশ্চয়তাৰ মাজেৰে গতি কৰিছে। এনে সময়তো ভাৰতে ব্যাপক পৰিৱৰ্তন আনিব পৰা প্ৰয়োগসমূহ বিকাশ কৰাৰ লগতে বিভিন্ন খণ্ডত ইয়াৰ ব্যৱহাৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰিছে।
‘চেমিকন ২.০’ ৱেব এপ্লিকেচন প’র্টেল মুকলি অনুষ্ঠানৰ আঁত ধৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়ায়। এই প’র্টেলটো কেবল সম্পূর্ণ আবেদনসমূহ গ্রহণ কৰিবলৈ প্ৰস্তুত কৰা হৈছে, যাতে ছেমিকণ্ডাক্টৰ খণ্ডৰ প্ৰকৃত তথা গুৰুত্বপূৰ্ণ প্রতিষ্ঠানসমূহে অংশগ্ৰহণ কৰিব পাৰে। ইয়াৰ লগতে থলুৱাভাৱে ‘গ্রাফিক্স প্রচেছিং ইউনিট’ বা জিপিইউ চিপ্ বিকাশৰ বাবে ৰূপৰেখা চূড়ান্ত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে