November 7, 2026 11:33 AM

views 4

ভাৰতত বিশ্বৰ এ আই প্ৰয়োগৰ অন্যতম কেন্দ্ৰ হিচাপে গঢ়াৰ লক্ষ্যৰে কাম কৰি থকা হৈছে : অশ্বিনী বৈষ্ণৱ

ভাৰতক বিশ্বৰ কৃত্রিম বুদ্ধিমত্তা প্ৰয়োগৰ অন্যতম কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি থকা হৈছে বুলি কেন্দ্রীয় ইলেক্ট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰীগৰাকীয়ে কয় যে দেশত কৃষি, স্বাস্থ্যসেৱা আৰু শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ সম্প্ৰসাৰণৰ দিশত কাম কৰা হৈছে। ইয়াৰ উপৰিও ভাৰতীয় উদ্যোগসমূহে কৃত্রিম বুদ্ধিমত্তা বা এ আই আধাৰিত প্ৰয়োগসমূহৰ বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্রগতি লাভ কৰা বুলিও তেও...