July 21, 2026 1:49 PM | Dengue

printer

ভাৰতত প্ৰথমবাৰলৈ ডেংগুৰ এটা প্ৰতিষেধকলৈ আনুষ্ঠানিক অনুমোদন

ভাৰতত প্ৰথমবাৰলৈ ডেংগুৰ এটা প্ৰতিষেধকলৈ আনুষ্ঠানিক অনুমোদন জনোৱা হৈছে। ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেলে টাকেডা বায়’ফাৰ্মাচিউটিকেলছ ইণ্ডিয়াৰদ্বাৰা বিকশিত ‘কিউডেংগা’ নামৰ প্ৰতিষেধকবিধ বজাৰত বিক্ৰীৰ বাবে অনুমোদন জনাইছে। টাকেডা প্রতিষ্ঠান কর্তৃপক্ষই জনোৱা মতে, প্ৰতি বছৰে কেইবা নিযুত লোকক আক্ৰান্ত কৰা মহামাৰী ডেংগুৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত এই অনুমোদন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।

এই প্রতিষেধকবিধ ৪ ৰ পৰা ৬০ বছৰ বয়সৰ লোকসকলৰ বাবে অনুমোদিত আৰু পূর্বে ডেংগুত আক্রান্ত হোৱা বা নোহোৱা যিকোনো ব্যক্তিয়েই এই প্রতিষেধক ল’ব পাৰিব। আন কেতবোৰ ডেংগু প্রতিষেধকৰ বিপৰীতে ‘কিউডেংগা’ গ্ৰহণ কৰাৰ পূৰ্বে কোনো প্ৰাক্-প্ৰতিষেধক পৰীক্ষা কৰাৰ প্ৰয়োজন নহ’ব।

উল্লেখযোগ্য যে,নগৰীকৰণ, জলবায়ু পৰিৱৰ্তন, মহৰ আৱাসস্থল সলনি আৰু জনসংখ্যা বৃদ্ধিৰ ফলত বিগত দুটা দশকত দ্রুতগতিত বৃদ্ধি পোৱা ডেংগুৰ সংক্ৰমণৰ বিৰুদ্ধে ভাৰতে সন্মুখৰ পৰা যুঁজ অব্যাহত ৰখাৰ সময়তে এই অনুমোদন বিশেষ তাৎপর্যপূর্ণ বিবেচিত হৈছে। ‘কিউডেংগা’ প্রতিষেধক – ডেংগু ভাইৰাছৰ চাৰিওটা চাৰিওটা প্ৰকাৰৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰস্তুত কৰা হৈছে। ইউৰোপীয় সঙ্ঘ, ব্রিটেইন, ব্রাজিল, ইণ্ডোনেছিয়া আৰু আৰ্জেন্টিনাকে ধৰি বিশ্বৰ ৪০ খনতকৈ অধিক দেশত এই প্রতিষেধক ইতিমধ্যে অনুমোদিত হৈছে আৰু ভাৰতো এতিয়া এই তালিকাত অন্তৰ্ভুক্ত হ’ল।