পুৰুষৰ ক্ৰিকেটত যোৱা নিশা ৰাঁচীত অনুষ্ঠিত হোৱা দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক ছয় উইকেটত পৰাস্ত কৰি চলিত শৃংখলাত ১-১ৰে সমতা স্থাপন কৰে।
২৫০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৱেষ্ট ইণ্ডিজে ১৮ অভাৰ তিনিটা বলত চাৰিটা উইকেট হেৰুৱাই ২৫২ ৰান সংগ্ৰহ কৰি খেলখনত বিজয় সাব্যস্ত কৰে। আলহী দলটোৰ অধিনায়ক ছাই হোপে ৪৫ টা বলত ১০২ ৰান কৰাৰ সমান্তৰালকৈ ছার্ফেন ৰাডাৰফ’র্ডে ৩৭ টা বলত ৮৪ ৰান কৰে।
ইয়াৰ পূৰ্বে ভাৰতে প্রথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত পাঁচটা উইকেট হেৰুৱাই ২৪৯ ৰান সংগ্ৰহ কৰিছিল। ভাৰতৰ হৈ সঞ্জু ছেমছনে ৪১ টা বলত ৮২ ৰান কৰে আৰু ঈষাণ কিষানে ২২ টা বলত ৪৩ ৰানৰ বৰঙণি আগবঢ়ায়।
ছাই হোপে অসাধাৰণৰ প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অব দ্যা মেটচ সন্মান লাভ কৰে।