মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি ৰাজ্যিক পৰ্যায়ত আলোচনাচক্র, কর্মশালা, কুইজ, ৰচনা প্রতিযোগিতাৰ লগতে অন্যান্য প্রতিযোগিতা অনুষ্ঠিত কৰি ৰাজ্যৰ নাগৰিক সমাজক ইয়াৰ সৈতে জড়িত কৰাবলৈ ৰাজ্য চৰকাৰৰ বিষয়াসকলক আহ্বান জনায়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাজ্য চৰকাৰে অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিব। এই সপ্তাহৰ কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ সহায়ত অসমীয়া সাহিত্যিক, পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱা হ’ব।
Assamese | October 17, 2024 11:31 AM | Bhasha Gourav Saptah of Assam Govt.
ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি ৰাজ্যিক পৰ্যায়ত আলোচনাচক্র, কর্মশালা, কুইজ, ৰচনা প্রতিযোগিতাৰ লগতে অন্যান্য প্রতিযোগিতা অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰৰ বিষয়াসকলক মুখ্যমন্ত্ৰীৰ আহ্বান