November 3, 2024 7:54 PM

views 29

অসমৰ বিভিন্ন জিলাত ভাষা গৌৰৱ সপ্তাহ উদযাপন

বজালী জিলাত পাঠশালা সাহিত্য সভা আৰু বজালী জিলা প্ৰশাসনৰ যৌথ উদ্যোগত আয়োজিত ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰি কথিত ভাষাতো অসমীয়া শব্দৰ শুদ্ধ ৰূপৰ ব্যৱহাৰৰ বাবে আহ্বান জনায়। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি আয়োজন কৰা এটা শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। বৰপেটা জিলাৰ ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত মন্ত্ৰী অশোক সিংহলে অংশগ্ৰহণ কৰে। ধ্রুপদী ভাষাৰ স্বীকৃতিয়ে ভাষাটোৰ প্ৰসাৰ আৰু প্ৰচাৰত সহায় কৰিব যদিও প্ৰতিজন অসমীয়াই ভাষাটোৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে...

November 3, 2024 12:50 PM

views 29

অসম চৰকাৰৰ উদ্যোগত আজিৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন

অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত আজিৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে। অসমীয়া ভাষাই লাভ কৰা ধ্রুপদী ভাষাৰ বিৰল স্বীকৃতিক প্ৰতিজন অসমীয়াৰ ওচৰলৈ নিয়াৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। চতুর্থ শতিকাৰ পৰা পৰ্যায়ক্রমে অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি যোগোৱা মনিষী, পণ্ডিত আৰু ভাষাবিদসকললৈ কৃতজ্ঞতা জ্ঞাপনৰ লগতে ভাষা গৌৰৱ সপ্তাহৰ বিভিন্ন কাৰ্যসূচীৰ অধীনত প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ধ্র...

October 17, 2024 11:31 AM

views 26

ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি ৰাজ্যিক পৰ্যায়ত আলোচনাচক্র, কর্মশালা, কুইজ, ৰচনা প্রতিযোগিতাৰ লগতে অন্যান্য প্রতিযোগিতা অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰৰ বিষয়াসকলক মুখ্যমন্ত্ৰীৰ আহ্বান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি ৰাজ্যিক পৰ্যায়ত আলোচনাচক্র, কর্মশালা, কুইজ, ৰচনা প্রতিযোগিতাৰ লগতে অন্যান্য প্রতিযোগিতা অনুষ্ঠিত কৰি ৰাজ্যৰ নাগৰিক সমাজক ইয়াৰ সৈতে জড়িত কৰাবলৈ ৰাজ্য চৰকাৰৰ বিষয়াসকলক আহ্বান জনায়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাজ্য চৰকাৰে অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিব। এই সপ্তাহৰ কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ সহায়ত অসমীয়া সাহিত্যিক, পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱা হ'ব...