ওড়িশাৰ পুৰীত কালি ভগৱান জগন্নাথ, বলভদ্ৰ আৰু দেৱী সুভদ্ৰাই গুণ্ডিচা মন্দিৰৰ পৰা জগন্নাথ মন্দিৰলৈ কৰা বহুবা যাত্রা শীৰ্ষক ওভটনি যাত্ৰাৰ সামৰণি পৰে। এই যাত্ৰা প্ৰত্যক্ষ কৰিবলৈ পুৰীত কালি লক্ষাধিক ভক্তৰ সমাগম হয়। ভগৱান বলভদ্ৰৰ তালধবজ নামৰ বথখনৰ ওভটনি যাত্রা কালি বিয়লি ৩ বাজি ২৫ মিনিটত আৰম্ভ হয়। ইয়াৰ পাছতে দেৱী সুভদ্ৰাৰ দেৱদলন নামৰ ৰথখনে ৪ বজাত ওভটনি যাত্রা কৰে। ভগৱান জগন্নাথৰ নন্দীঘোষ নামৰ ৰথখনৰ ওভটনি যাত্রা বিয়লি ৪ বাজি ১৫ মিনিটত আৰম্ভ হয়। বহুড়া যাত্ৰাৰ পাছত কাইলৈ দেৱ-দেৱীসকলৰ নিজ নিজ বথতে সুনাবেশা পর্ব আয়োজিত হ’ব। অহা বৃহস্পতিবাৰে আৰাধনা পর্ব অনুষ্ঠিত হোৱাৰ পাছত অহা শুকুৰবাৰে মূল মন্দিৰৰ গৰ্ভগৃহত ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে ভগৱান জগন্নাথ, বলভদ্ৰ আৰু দেৱী সুভদ্ৰাক পুনৰ অধিষ্ঠিত কৰাবলৈ নীলাদ্রী বিজে নামৰ পৰ্ব অনুষ্ঠিত হ’ব।
Assamese | July 16, 2024 12:21 PM | Puri
ভগৱান জগন্নাথ, বলভদ্ৰ আৰু দেৱী সুভদ্ৰাই গুণ্ডিচা মন্দিৰৰ পৰা জগন্নাথ মন্দিৰলৈ কৰা বহুবা যাত্ৰাৰ ওভটনি যাত্ৰা সামৰণি