মহামাৰী, জলবায়ু বিপর্যয় আৰু যোগান শৃংখলাৰ বাধাৰ পৰা বৰ্তমানৰ পৰম্পৰ নিৰ্ভৰশীল বিশ্বত কোনো বিপর্যয়ে যে মাত্র এটা অঞ্চলত সীমাবদ্ধ হৈ নাথাকে সেয়া স্পষ্ট হৈ পৰা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টাদশ ব্রীকচ শীর্ষ সন্মিলনৰ মুকলি অধিবেশনত ভাষণ দি প্রধানমন্ত্রীয়ে আজি এইদৰে প্ৰকাশ কৰে।
তেওঁ কয়, যে ব্রীকচ ৰাষ্ট্ৰসমূহে এনেধৰণৰ স্থিতিৰ কথা বিবেচনা কৰিয়ে ৰাষ্ট্ৰগোষ্ঠীটোৰ মাজত স্থিতিস্থাপক আৰু বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সামৰ্থ বৃদ্ধিত গুৰুত্ব আৰোপ কৰি আহিছে।
স্থিতিস্থাপকতা, উদ্ভাৱন সহযোগিতা আৰু বহনক্ষমতা বিষয়ক এই অধিবেশনত শ্রী মোদীয়ে সঠিক সময়ত প্রত্যাহ্বানৰ চিনাক্তকৰণ, প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুতি আৰু তাৎক্ষণিক ব্যবস্থা গ্রহণত গুৰুত্ব আৰোপ কৰে।
সংক্ৰামক ৰোগৰ প্ৰতিৰোধ আৰু এনে ৰোগ নিয়ন্ত্ৰণৰ বাবে ল’বলগীয়া ব্যৱস্থাৰ বাবে ব্রীকচ সংহত আগতীয়া সতর্ক প্রণালী সন্দর্ভত সহমতত উপনীত হোৱা বুলি শ্রীমোদীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে দুর্যোগ ব্যৱস্থাপনাৰ বাবে আগতীয়া সতর্কতা তথ্য একত্ৰীকৰণৰ নীতি-নির্দেশনা প্ৰস্তুত কৰা হৈছে।