আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, পূর্বে খাদী কাপোৰ ব্যৱহাৰ নকৰা লোকেও এতিয়া অতি গৌৰৱেৰে খাদী কাপোৰ পৰিধান কৰিবলৈ লৈছে। তেওঁ আনন্দ প্ৰকাশ কৰি কয় যে, দেশৰ খাদী গ্ৰাম্য উদ্যোগৰ ব্যৱসায়ে ৪০০ শতাংশ বৃদ্ধিপ্রাপ্ত হৈ প্ৰথমবাৰৰ বাবে ডেৰ লাখ কোটি টকাৰ ঘৰ অতিক্ৰম কৰিছে। খাদী আৰু হস্ততাঁতৰ বৰ্ধিত বিক্ৰীয়ে এই ক্ষেত্ৰখনক নতুন কর্মসংস্থাপনৰ সুবিধাৰ সৃষ্টি কৰিছে বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ বৰ্তমানলৈকে খাদী কাপোৰ নিকিনা শ্রোতাসকলক এতিয়াৰে পৰা খাদী কাপোৰ কিনা আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে, আগষ্ট হৈছে খাদী কাপোৰ কিনাৰ বাবে উত্তম সময়।
Assamese | July 28, 2024 6:33 PM | Maan ki Baat
বৰ্তমানলৈকে খাদী কাপোৰ নিকিনা শ্রোতাক খাদী কাপোৰ কিনা আৰম্ভ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ