June 18, 2026 7:58 PM | Kaushik Rai

printer

বৰাকত মন্ত্রী কৌশিক ৰায়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা

ৰাজ্যৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী কৌশিক ৰায়ে কয় যে বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়ন পুনৰনিৰ্মাণ আৰু মেৰামতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। উপত্যকাটোত যোগাযোগ ব্যবস্থা অধিক উন্নত, সুৰক্ষিত আৰু আধুনিক কৰি গঢ়ি তোলাৰ বাবে বিভিনন প্রকল্প বর্তমান অব্যাহত আছে আৰু ভালেমান প্রকল্প সন্দর্ভত আলোচনা অব্যাহত আছে। বিশেষকৈ মালিদহৰ পৰা বদৰপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰনিৰ্মাণৰ কাম, শিলচৰ চহৰৰ কেপিটেল পইণ্টৰ পৰা ৰাংগীৰখাৰিলৈ আৰু পয়লাপুলৰ পৰা কুমাচৰালৈ যোৱাৰ পথৰ লগতে শিলচৰ-জিৰিবাম সংযোগী পথৰ নিৰ্মাণৰ অগ্রগতি সন্দৰ্ভত সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয় যে বৰাক উপত্যকা আৰু জনসাধাৰণৰ যাতায়াত ব্যবস্থা সহজ তথা সুৰক্ষিত কৰি তোলাৰ বাবে এই প্রকল্পসমূহৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সমাপ্ত কৰা হ’ব। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যত পথ যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰাৰ বাবে বিশেষ অগ্ৰাধিকাৰ দিছে।