November 7, 2026 12:50 PM | Task Force

printer

বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা পৰ্যায়ৰ টাক্স ফোৰ্চৰ বৈঠক

সমাগত উপ-ৰাষ্ট্ৰীয় পালছ পলিঅ’ প্রতিষেধক অভিযানৰ প্ৰস্তুতি আৰু এই অভিযানৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ উদ্দেশ্যে কালি বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা পৰ্যায়ৰ টাক্স ফোৰ্চৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত অভিযানৰ প্ৰস্তুতিৰ বিভিন্ন দিশ, বিশেষকৈ বিভাগসমূহৰ মাজত সমন্বয় স্থাপন, লক্ষ্যভুক্ত শিশুসকলক চিনাক্তকৰণ, জন সজাগতা সৃষ্টি আৰু সকলোৰ অংশীদাৰ বিভাগৰ সক্রীয় অংশগ্ৰহণৰ জৰিয়তে সর্বাধিক প্রতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ বিষয়ে আলোচনা কৰা হয়। এই প্রতিষেধক প্রদান অভিযানৰ পৰা যাতে কোনো যোগ্য শিশু বাদ নপৰে তাৰ বাবে সকলো বিভাগক সমন্বিতভাবে দায়িত্ব পালন কৰিবলৈ জিলা আয়ুক্ত নবদীপ পাঠকে আহ্বান জনায়। বৈঠকত স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আযুক্ত দিম্পী গগৈ, জিলা যুটীয়া স্বাস্থ্য সেবা সঞ্চালক ডাঃ ভূপেন চন্দ্ৰ বৰাৰ লগতে বিভিন্ন বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে।