November 7, 2026 12:50 PM
3
বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা পৰ্যায়ৰ টাক্স ফোৰ্চৰ বৈঠক
সমাগত উপ-ৰাষ্ট্ৰীয় পালছ পলিঅ' প্রতিষেধক অভিযানৰ প্ৰস্তুতি আৰু এই অভিযানৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ উদ্দেশ্যে কালি বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা পৰ্যায়ৰ টাক্স ফোৰ্চৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত অভিযানৰ প্ৰস্তুতিৰ বিভিন্ন দিশ, বিশেষকৈ বিভাগসমূহৰ মাজত সমন্বয় স্থাপন, লক্ষ্যভুক্ত শিশুসকলক চিনাক্তকৰণ, জন সজাগতা সৃষ্টি আৰু সকলোৰ অংশীদাৰ বিভাগৰ সক্রীয় অংশগ্ৰহণৰ জৰিয়তে সর্বাধিক প্রতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ বিষয়ে আলোচনা কৰা হয়। এই প্রতিষেধক প্রদান অভিযানৰ পৰা যাতে কোনো যোগ্য শিশু বাদ ...