বড়ো সাহিত্য সভাৰ আজি ৭৪ সংখ্যক প্রতিষ্ঠা দিবস। এই উপলক্ষে বিটিআৰৰ জিলাকেইখনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ দিনটোত সভাৰ পূৰ্বৰ কাণ্ডাৰীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে সকলোকে অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্রী শর্মাই সামাজিক মাধ্যমযোগে কয়, যে ৰাজ্যৰ সাহিত্য-সংস্কৃতিৰ বৰ্ণিল জগতখনত বড়ো সাহিত্য সভাৰ বিশেষ অৱদান আছে। তেওঁ কয়, যে জন্মলগ্নৰে পৰা বড়ো সাহিত্য সভাই চহকী বড়ো ভাষাৰ উত্তৰণ আৰু প্ৰসাৰৰ বাবে ভালেমান পদক্ষেপ লৈছে। বড়ো সাহিত্য সভাই সাংস্কৃতিক দিশতো উল্লেখনীয় কাম কৰিছে বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বড়ো সাহিত্য সভাই ভিন ভিন ভাষাৰ সৈতে বড়ো ভাষাক সাঁকোৰ দৰে গাঁঠি লোৱাত অগ্রণী ভূমিকা গ্রহণ কৰিছে।
Assamese | November 16, 2025 6:46 PM | Bodo Sahitya Sabha
বড়ো সাহিত্য সভাৰ ৭৪ সংখ্যক প্রতিষ্ঠা দিবস পালন