মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০ পীতাম্বৰ দেৱগোস্বামীয়ে কালি সন্ধিয়া ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণবীয় সংস্কৃতি আৰু বহুসাংস্কৃতিক সমাজত ইয়াৰ প্ৰভাৱ শীৰ্ষক অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ দিয়ে।
ব্ৰিটিছ সাংসদ বব ব্লেকমেনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অসমৰ বৈষ্ণবীয় সংস্কৃতি, সত্ৰ-নামঘৰ ব্যৱস্থা আৰু বহুসাংস্কৃতিক সমাজ গঠনত ইয়াৰ ভূমিকা সম্পৰ্কে বিশদভাৱে আলোচনা অনুষ্ঠিত হয়। ড০ পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰায় ২৫ মিনিটজোৰা ভাষণত অসমৰ বৈষ্ণবীয় সংস্কৃতিৰ মানৱতাবাদী দৰ্শন আৰু বিশ্বজনীন মূল্যবোধৰ সম্পৰ্কে বিশেষ গুৰুত্ব আৰোপ কৰে।
তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ আদর্শ, সাম্য, ভাতৃত্ববোধ, সহিষ্ণুতা আৰু মানৱতাবাদী দৰ্শনৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, যে অসমৰ বৈষ্ণবীয় আন্দোলন অকল ধৰ্মীয় জাগৰণ নাছিল বৰং ই আছিল সমাজ সংস্কাৰ, সাংস্কৃতিক ঐক্য আৰু মানৱীয় মূল্যবোধ প্ৰতিষ্ঠাৰ অনন্য বিপ্লৱ। জাতি-বৰ্ণ-ভাষা আৰু সামাজিক বিভেদৰ ঊৰ্ধত উঠি মানুহক একতাৰ সূত্ৰত বান্ধি ৰখাৰ ক্ষেত্ৰত সত্ৰ-নামঘৰসমূহে যুগে যুগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে ।
সত্ৰাধিকাৰগৰাকীয়ে ভাষণত সত্ৰীয়া নৃত্য, বৰগীত, অংকীয়া নাট, মুখাশিল্প, বৃন্দাবনী বস্ত্ৰ আদি অসমৰ অমূল্য সাংস্কৃতিক সম্পদৰ বিষয়েও আলোচনা কৰে। তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘাত আৰু বিভাজনৰ সময়ত শংকৰী দৰ্শনৰ শান্তি, সহাৱস্থান আৰু পাৰস্পৰিক সন্মানৰ বাণীসমূহ অধিক প্ৰাসংগিক হৈ পৰিছে বুলি মত প্ৰকাশ কৰে । অনুষ্ঠানত ব্ৰিটিছ সাংসদ, সমাজনেতা, গৱেষক, সাংস্কৃতিক কৰ্মী আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ব্ৰিটেইনৰ সংসদত বৈষ্ণবীয় সংস্কৃতিৰ বিষয়ে ভাষণ প্ৰদান কৰা ৰাজ্যৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীক অভিনন্দন জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বার্তাযোগে কয়, যে ব্ৰিটিছ সংসদৰ দৰে বিশ্বৰ অন্যতম গণতান্ত্ৰিক আৰু প্ৰভাৱশালী মঞ্চত অসমৰ বৈষ্ণবীয়, বাণী প্ৰতিধ্বনিত হোৱাটো অকল আউনীআটী সত্ৰ বা মাজুলীৰ বাবেই নহয় বৰং সমগ্ৰ অসমবাসীৰ বাবে অবিস্মৰণীয় গৌৰৱৰ ক্ষণ হিচাপে ইতিহাসত লিপিবদ্ধ হৈ ৰ’ব।