নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ব্রীকছ শীর্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিন পিঙে এই সপ্তাহতে ভাৰত ভ্ৰমণ কৰিব। চীনৰ বৈদেশিক মন্ত্র্যালয়ে আজি ঘোষণা কৰে যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণত ৰাষ্ট্রপতি জিন পিঙে চলিত মাহৰ ১২ আৰু ১৩ তাৰিখত অষ্টাদশ ব্রীকছ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্ৰমণ কৰিব। বিশ্বৰ অস্থিৰ পৰিস্থিতি পশ্চিম এচিয়াত চলি থকা সংঘাত আৰু ৰাছিয়া-ইউক্রেইন যুদ্ধৰ মাজতে এই ভ্রমণ ব্রীকছ সহযোগিতাৰ বাবে উচ্চ পৰ্যায়ৰ কূটনৈতিক যোগাযোগ হ’ব বুলি আশা কৰা হৈছে। প্রায় সাত বছৰৰ পাছত এয়াই হ’ব শ্বি জিন পিঙৰ প্ৰথমটো ভাৰত ভ্ৰমণ।
ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল আৰু চীৰন বৈদেশিক মন্ত্রী বাং য়ীয়ে যোৱা মাহত বেইজিঙত সীমান্ত সমস্যা, সীমান্তত শান্তি আৰু দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাৰ বাবে বিস্তৃত আলোচনাত মিলিত হৈছিল। উল্লেখযোগ্য যে, ভাৰত বৰ্তমান ব্ৰীকছৰ অধ্যক্ষ আৰু অহা শনিবাৰ আৰু দেওবাৰে নতুন দিল্লীত অষ্টাদশ ব্রীকছ শীর্ষ সম্মিলন অনুষ্ঠিত হ’ব। বৈদেশিক পৰিক্ৰমা ম্যালয়ে কৈছে যে, এইবাৰৰ ব্ৰীকছ সম্মিলনৰ মূল বিষয়বস্তু হৈছে-স্থিতিস্থাপকতা, উদ্ভাবন, সহযোগিতা আৰু বহনক্ষমতাৰ বাবে নিৰ্মাণ। এই বিষয়বস্তুায়ে প্রধানমন্ত্রী শ্রী মোদীৰ মানৱতা প্রথম মনোভাৱত শিপাই থকা কল্যাণমূলক দৃষ্টিভংগীক প্রতিফলিত কৰে।
নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ব্রীকছ সন্মিলনত বিশ্বৰ আগশাৰীৰ অর্থনীতিসমূহ একত্রিত হ’ব। প্রথমে ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্রিকাক সামৰি লোৱা ব্ৰীকছ সম্মিলনে ২০২৪ চনত ইজিপ্ত, ইথিঅপিয়া, ইৰাণ আৰু সংযুক্ত আৰৱ আমীৰী ৰাষ্ট্ৰক সামৰি লৈছিল।