September 10, 2026 8:08 PM
9
ব্রীকছ শীর্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিন পিঙৰ ভাৰত ভ্ৰমণ
নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ব্রীকছ শীর্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিন পিঙে এই সপ্তাহতে ভাৰত ভ্ৰমণ কৰিব। চীনৰ বৈদেশিক মন্ত্র্যালয়ে আজি ঘোষণা কৰে যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণত ৰাষ্ট্রপতি জিন পিঙে চলিত মাহৰ ১২ আৰু ১৩ তাৰিখত অষ্টাদশ ব্রীকছ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্ৰমণ কৰিব। বিশ্বৰ অস্থিৰ পৰিস্থিতি পশ্চিম এচিয়াত চলি থকা সংঘাত আৰু ৰাছিয়া-ইউক্রেইন যুদ্ধৰ মাজতে এই ভ্রমণ ব্রীকছ সহযোগিতাৰ বাবে উচ্চ পৰ্যায়ৰ কূটনৈতিক যোগাযোগ হ'ব বুলি আশা কৰা হৈছে। প্রায় সাত বছৰ...