ব্যক্তিৰ পৰা ব্যক্তিলৈ সকলো ধৰণৰ ইউ পি আইৰ লেনদেন বিনামুলীয়া হৈ থাকিব। কোনো ব্যক্তিলৈ ইউ পি আইযোগে ধন প্ৰেৰণ কৰিলে অথবা দোকানত কিউ আৰ কোড স্কেন কৰি মূল্য পৰিশোধ কৰিলে কোনো ধৰণৰ মাছুল ভৰিব নালাগে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, ইউ পি আই কি আৰ কোডৰ জৰিয়তে মাহে ১ লাখ টকালৈকে উপার্জন কৰা ব্যৱসায়ী বা বিক্রেতাসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ মাছুল প্রযোজ্য নহব। সূত্ৰটোৱে প্ৰকাশ কৰা মতে, ৰূপেই ডেবিট কার্ডৰ সৈতে সংযুক্ত সকলো ইউ পি আই লেনদেন বিনামুলীয়া হৈ থাকিব। সূত্রসমূহে প্রকাশ কৰা মতে, ব্যক্তিৰ পৰা ব্যবসায়ীলৈ হোৱা প্রায় ৯৬ শতাংশ ইউ পি আই লেনদেন অপৰিবৰ্তিত হৈ থাকিব। আনহাতে, ৰেল সেৱা, ইন্ধন আৰু অন্যান্য অত্যাৱশ্যকীয় খণ্ডত ২ হাজাৰ টকাৰ ওপৰত লেনদেনৰ বাবে প্ৰতিটো লেনদেনতে ৫ টকাৰ এটা মার্ছেণ্ট ডিছকাউন্ট বেট চমুকৈ এম ডি আৰ ধাৰ্য কৰা হ’ব। একেদৰে ২ হাজাৰ টকাৰ ওপৰৰ বৃহৎ ব্যৱসায়ীক লেনদেনৰ ক্ষেত্ৰত লেনদেনত ব্যবসায়ীসকলে দশমিক ৪ শতাংশ হাৰত এম ডি আৰ বহন কৰিব লাগিব। সূত্ৰসমূহে প্রকাশ কৰা মতে, ক্ষুদ্র ব্যৱসায়ীসকলৰ মাজত ইউ পি আই গ্ৰহণৰ প্ৰসাৰ ঘটা বুলি এটা সুকীয়া পুঁজি গঠন কৰা হ’ব। সংগৃহীত এম ডি আৰৰ ৫ শতাংশ ধন এই পুঁজিলৈ আগবঢ়োৱা হ’ব। এই পুঁজিয়ে দেশৰ ডিজিটেল লেনদেন ব্যৱস্থাত ইউ পি আইৰ অধিক প্ৰসাৰ, ব্যৱহাৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসমূহক ডিজিটীয় পৰিশোধৰ ব্যৱস্থাটোত অন্তর্ভুক্ত কৰাত সহায় কৰিব।
Assamese | September 17, 2026 7:35 PM | UPI Used
ব্যক্তিৰ পৰা ব্যক্তিলৈ বিনামুলীয়া হৈ থাকিব সকলো ধৰণৰ ইউ পি আইৰ লেনদেন