September 18, 2026 2:17 PM | India-Bhutan

printer

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে ভুটানৰ বিদেশমন্ত্ৰীৰ সৈতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ উপৰি দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্যালোচনা

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে ভুটানৰ উন্নয়নত ভাৰতৰ সমৰ্থনৰ কথা দোহাৰে। তিনিদিনীয়া ভ্রমণসূচীৰে যোৱা বুধবাৰে ভুটানলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভুটানৰ বিদেশমন্ত্রী লিয়নপো ডি এন ধুংগিয়েলৰ সৈতে পাৰস্পৰিক স্বার্থ সম্বলিত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ উপৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলোবোৰ দিশ পর্যালোচনা কৰে। দুয়োপক্ষই বিশেষ আৰু বহুমুখী ভাৰত-ভূটান অংশীদাৰিত্ব শক্তিশালী কৰাৰ দিশত অগ্ৰগতিৰ শলাগ লয়।

ড° জয়শংকৰ আৰু মন্ত্ৰী ধুংগিয়েলে যুটীয়াভাবে কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰে। ইয়াৰ ভিতৰত মুংগৰত ৬৫ খন বিছনাযুক্ত এখন হাস্পতাল, ছামডুপ জংখাৰ-ট্রাছিগাং ঘাইপথত জগন্নাথন সেঁতু, ভাৰতৰ পৰা ৪৩ জনী জাৰ্চি গাই ভুটানৰ বুমথাঙত থকা ৰাষ্ট্ৰীয় পশু প্রজনন কেন্দ্ৰলৈ প্ৰেৰণকে ধৰি বিভিন্ন প্রকল্প আছে।

মন্ত্রী দুগৰাকীয়ে ৫০০ কিলোৱাটযুক্ত লুনানা জলবিদ্যুৎ প্রকল্পৰো আধাৰশিলা স্থাপন কৰে। দুয়োগৰাকী নেতাই ২০২৪ৰ মাৰ্চত শক্তি অংশীদাৰিত্বৰ যুটীয়া দৰ্শন ৰূপায়ণত সন্তুষ্টি প্রকাশ কৰে।

এই ভ্রমণকালত ড° জয়শংকৰে ভুটানৰ ৰজা জিগমে খেচৰ নামগিয়েল বাংচুক আৰু ভুটানৰ প্ৰধানমন্ত্ৰী ডাছ’ শ্বেৰিং টবগেক সাক্ষাৎ কৰে।