September 18, 2026 2:17 PM
12
বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে ভুটানৰ বিদেশমন্ত্ৰীৰ সৈতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ উপৰি দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্যালোচনা
বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে ভুটানৰ উন্নয়নত ভাৰতৰ সমৰ্থনৰ কথা দোহাৰে। তিনিদিনীয়া ভ্রমণসূচীৰে যোৱা বুধবাৰে ভুটানলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভুটানৰ বিদেশমন্ত্রী লিয়নপো ডি এন ধুংগিয়েলৰ সৈতে পাৰস্পৰিক স্বার্থ সম্বলিত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ উপৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলোবোৰ দিশ পর্যালোচনা কৰে। দুয়োপক্ষই বিশেষ আৰু বহুমুখী ভাৰত-ভূটান অংশীদাৰিত্ব শক্তিশালী কৰাৰ দিশত অগ্ৰগতিৰ শলাগ লয়। ড° জয়শংকৰ আৰু মন্ত্ৰী ধুংগিয়েলে যুটীয়াভাবে কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰে। ইয়াৰ ভিতৰত ম...