বেলাৰুচৰ এৰিনা চাবালেংকাই প্ৰথমবাৰৰ বাবে ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। এৰিনাই যোৱানিশা অনুষ্ঠিত ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেচিকা পেগুলাক ৭-৫, ৭-৫ ছেটত পৰাভূত কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ মেক্স পৰ্চেল আৰু জৰ্দান থ’মছনে জাৰ্মানীৰ কেৱিন, ক্ৰাৱিজ আৰু টিম প্যুজক পোনপটীয়া ছেটত পৰাস্ত কৰি পুৰুষৰ ডাবলছৰ খিতাপ হস্তগত কৰে। ইয়াৰ লগে লগে পৰ্চেল আৰু থমছন ১৯৯৬ চনৰ পাছত ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ খিতাপ দখল কৰা প্ৰথমটো অষ্ট্ৰেলিয়ান যুঁটিৰূপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে টড উদ্ব্ৰীজ আৰু মাৰ্ক উদফ’’দে ১৯৯৬ চনত এই কৃতিত্ব অৰ্জন কৰিছিল। প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ট্ৰেইলৰ ফ্ৰীজ, ইটালীৰ জানিক চীনৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ফ্ৰীজ প্ৰথমবাৰৰ বাবে কোনো গ্ৰেণ্ডশ্লেম প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে চীনৰে দ্বিতীয়তো গ্ৰেণ্ডশ্লেম অৰ্জনৰ বাবে চেষ্টা চলাব।
Assamese | September 8, 2024 11:27 AM | U S Open Tennis
বেলাৰুচৰ এৰিনা চাবালেংকাই প্ৰথমবাৰৰ বাবে ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল